কেইটামান অসমীয়া সাঁথৰ

সাঁথৰ:

 ১/খালে থিয় হৈ থাকে, নাখালে শুই থাকে?

উত্তৰ:- বস্তা


২/ অসম দেশৰ বিষম কথা, কি গছৰ পাত গোটা? 

উত্তৰ:- পিয়াজ


৩/ পেট ডাঙৰ মুখ সৰু, গিলি খায় মানুহ-গৰু।

উত্তৰ:- ঘৰ


৪/ গছত সেউজীয়া হয়, বজাৰলৈ নিলে ক'লা হয়, খালে ৰঙা হয় কি?

উত্তৰ:- চাহপাত


৫/ বৃক্ষ নহওঁ মই বৃক্ষৰ সন্তান, মানুহৰ সেৱা কৰোঁ নাই অভিমান।

উত্তৰ:- কাঠ


৬/ সৰুকালত দুই শিং ডেকা হ'লে সৰে, বুঢ়া কালত দুনাই গজে, আকাশত চৰে। 

উত্তৰ:- জোন


৭/ এজনী কলী গাই, ঘাটে ঘাটে পানী খায়?

উত্তৰ:- বৰশী


৮/ এঠেঙীয়া বগলী, নিতৌ নাচে গধুলি? 

উত্তৰ:- বিচনী


৯/ খাওঁতে খায়, পেটো নভৰে মুখেও নাপায়।

উত্তৰ:- উজুটি


১০/ মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা?

উত্তৰ:- জলকীয়া গছ (মাক) আৰু জলকীয়া (পুতেক)


১১/ ইয়াতে মাৰিলো টিপা, গড়গাঁও পালেগে শিপা।

উত্তৰ:- ভূমিকম্প


১২/ পেট আছে পেটু নাই, মুখ আছে জিভা নাই?

উত্তৰ:- কলহ


১৩/ গছত লাগে চিঙোতাই চিঙে কাঁহীত দিলেই মুতি দিয়ে?

উত্তৰ: নেমু টেঙা


১৪/ হাতীৰ দাঁত কদমৰ পাত ভাঙিব নোৱাৰিলে গোলামৰ জাত।

উত্তৰ: মূলা


১৫/ ইয়াতে মাৰিলো টিপা, গড়গাঁও পালেগে শিপা ?

উত্তৰ: - ভূমিকম্প ৷


১৬/ এটা মাছৰ দুখন ফিচা, বুৰ মাৰিলেই সকলো মিছা ?

উত্তৰ: - নাও ৷


১৭/ ৰজাৰ আলিবাট, তিয়াব পাৰি শুকুৱাব নোৱাৰি ?

উত্তৰ : - জিভা ৷


১৮/ তিনি আখৰে মোৰ নাম সকলোৱে খায়, এটা আখৰ এৰি দিলে ফাটেকলৈ যায় ?

উত্তৰ: - মচুৰ ৷


১৯/ টিঁ টিঁ কৈ টিঞা, ককালটি চিঞা; হনুমন্ত ভাই, মানুহ খেদি যায় ?

উত্তৰ: - বৰল 


২০/ ওপৰৰ পৰা পৰিল বাঘিনী, চাৰি ঠেং মেলি হ'ল গাভিনী ?

উত্তৰ : - আঠুৱা


২১/ এডাল মাৰলি দুখন চাল ?

উত্তৰ : - কলপাত ৷


২২/ গুণ গুণ কৰে কিন্তু ভোমোৰা নহয়, লগুণ আছে কিন্তু বামুণ নহয় ?

উত্তৰ: - যঁতৰ ৷


২৩/ ৰজাৰ আলিবাট মেলিব পাৰি, জপাব নোঁৱাৰি ?

উত্তৰ: - চোতাল ৷


২৪/ পাত আছে ডাল নাই, কথা আছে মাত নাই ?

উত্তৰ : - কিতাপ ৷


২৫/ ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ ?

উত্তৰ: - আমৰলি পৰুৱা ৷


২৬/ এনু এনু এনু, ধৰিবলৈ নাই ঠেনু ?

উত্তৰ: - কণী ৷


২৭/ লিকি লিকি ডিমৰু চিকি চিকি পাত, পালেং বাবৰি ওঠৰ হাত ?

উত্তৰ : - তামোল গছ ৷


২৮/ ওচৰা ওচৰিকৈ থাকে, দুয়ো যঁজা ভাই , একেলগে ফুৰে ,জগতখন চায়, ইজনে -সিজনক দেকা নাপায়, এইজননো কোন, কো‌ৱাচোন ভাই ?

উত্তৰ: - চকুযোৰ ৷


২৯/ দিনত ভৰি পৰে লৰা ছোৱালী , ৰাতি নাথাকে কোনো প্ৰাণী ?

উত্তৰ: - পঢ়াশালি ।


৩০/ কমাৰ ঘৰৰ ভাটি, বতাহ খাই উজান

 ভাটি ?

উত্তৰ: - নাক ।


৩১/ শদিয়ালৈ নাজাবা, সতফুল নখাবা, কেচাঁপাতত নাবান্ধিবা লোণ, উপজিয়ে লৰমাৰে কোন ?

উত্তৰ: - জেঠী ৷


৩২/ চকু আছে কিন্তু দেখা নাপাই

কাণ আছে কিন্তু শুনা নাপাই

মুখ আছে কিন্তু কব নোৱাৰে

কওঁকচোন সেইটো কি?

উত্তৰ: পুতলা


৩৩/ এক ভাই আছে ডালত, এক ভাই আছে স্থলত,

দুই ভাই আছে আকাশ মণ্ডলত, চাৰিও ভাই লগ লাগে মৰণ কালত!

উত্তৰ: তামোল-পাণ, চূণ আৰু ধপাঁত।


৩৪/ এনেকুৱা কি বস্তু নাৰীৰ দুটা থাকে আৰু পুৰুষৰ তিনিটা থাকে?

উত্তৰ: আখৰ বা বৰ্ণ [ নাৰী দুটা আখৰ আৰু পুৰুষ তিনিটা আখৰ]


৩৫/ কি কাম কৰিবলৈ হলে ছোৱালীক লৰাৰ প্ৰয়োজন হয়।

উত্তৰ: বিয়া।

Next Post Previous Post
No Comment
Add Comment
comment url